ভাৰ্য্য়া। এতিয়া কওকচোন, কোনে কথা কব জানে? এইটো কথা কব নজনাৰ চিনৰ লেখ দুই। বাৰু সঁচাকৈ কওকচোন, এনে ল-নিকে কথাষাৰ মোৰ মুখৰপৰা ওলালহেঁতেন নে? ৰজাই বাটে-পথে মানুহক ধৰি এনেই বৰফুকন নেপাতে।
লাচিত। মুছলমান পাটচাৰ সেনাপতিৰে সৈতে এনেকৈ ল-নিকৈ কথা কবলৈকে ৰজাই মোক বৰফুকন পাতিছেনে?
ভাৰ্য্য়া। ৰজাই জানে, যাৰ গাত এনে গুণ আছে, তেও মছলমান সেনাপতি গাতও ল-নিকৈ হিলৈ কাঁৰ মাৰিব পাৰিব।
লাচিত। তোমাৰ কথাও যেতিয়া মোৰে নিচিনা ল-নি, তুমিও যে মছলমান সেনাপতিৰ গাত খেওখুৱাই মিহিকৈ কাঁৰ মাৰিব নোৱাৰিবা সেইটো কোনে জানে? চাবা, ৰজাই তোমাৰ এই গুণৰ ভু পালে তোমাকো মছলমান সেনাপতি ফিৰুজখাঁৰ গাত কঁৰিয়াবলৈ লগাই দিব। ফিৰুজখাঁৰ মোৰ নিচিনা গতি নহলে হয়। নিজৰ গালৈ আঙুলিয়াই এইজন সেনাপতি তো তোমাৰ মিহি চোকাকাঁৰত “ঘাইল" হৈ তোমাৰ কাষতে পৰি আছেই।
ভাৰ্য্য়া। যাওক আপুনি কিবা এটা কৰিবলৈ লাগিল। মই ইমানবোৰ কথাৰ মানুহ নহও বুজিছেনে? আপোনাৰ বেঁকা কথাৰ পাকত সোমাবলৈ মোৰ শকতি নাই।
লাচিত। এৰা, এৰা, তুমি একেবাৰেই ঢোদৰ আলিটো যেন পোন, মই হে বেঁকা। -বোলোঁ, নিজক এটাযে পোন দেখে; লোককহে বেঁকা দেখে। লাচিত হেন মানুহটো বাৰ