পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন ]
২৯
চক্ৰধ্বজসিংহ।

ফুকনেই হওক বা পৰিভাৰিয়েই হওক,-- সেইটো খিতাপ মই যিদিনা পালোঁ, সেই দিনাই মই বৰলোক হলোঁ। মোৰ এই খিতাপৰ পাছত মোলৈ যি আহে আহি থাকক, তাত মোৰ হৰণ-ভগণও নাই, আনন্দ-নিৰানন্দও নাই। অৱশ্য়ে দিয়াজনে দিয়ে যেতিয়া তাক মই কৃতজ্ঞ চিত্তেৰে গ্ৰহণ কৰি, এতিয়াও কৰিছোঁ। আৰু তাৰ লগতে আনন্দও যদি মোলৈ আহিছে আহক, সেই জনৰে অনুগ্ৰহ বুলি ধৰিম।

 লাচিত। মানুহে কথা কব জানিলে, কথা এনেকৈ খেও খাই শুৱলা হৈয়েই ওলায়।

 ভাৰ্য্য়া। বোলোঁ মই নো কৰ ৰজা পাটচাৰ সভাত ঘুৰি মহলা মাৰি কথা কবলৈ শিকিলোঁ যে মই কথা কব জনা হলোঁ! আপুনি দিনে ৰাতিয়ে ৰজাৰ বৰচৰাত বহি মেল-দোৱান কৰি থাকে, আপুনি হে কথা কব নজনা হল, আৰু মই মুৰ্খ তিৰোতা এজনীয়ে হে কথা কব জনা হলোঁ। বঢ়িয়া কথা। আপুনি কথা কব নজনাৰ চিন এইটোতেই পালোঁ নহয়, আন নেলাগে চোন।

 লাচিত। শুনা সজ কথা কবলৈ ঈশ্বৰেহে মানুহক শিকায়,ডা-ডাঙৰীয়া ৰজা-পাটচাই শিকাব নোৱাৰে। সোণ যি সি বোকাত পৰি থাকিলেও সোণ, আৰু কঁৰীয়া হৈ তোমাৰ কাণত ওলমি কাণ শুৱাই থাকিলেও সি সোণ। সীহ এডোখৰক ৰজাই ডিঙিত আঁৰি থলেও সি সীহ গুচি সোণ নহয়।