পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
[১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

তৃতীয় দৰ্শন।

স্থান : লাচিত বৰফুকনৰ ঘৰ।

কাল---ৰাতি।

(লাচিত বৰফুকন আৰু তেওঁৰ ভাৰ্যা)

 ভাৰ্য্য়া। পিছে নো আজি অপোনাসকলৰ কি থিৰ হল?মছলমানৰ সৈতে যুজ কৰাই থিৰ হল নে. মিত্ৰতা কৰাই থিৰ হল?

 লাচিত। যুজ।

 ভাৰ্যা। আপনি?

 লাচিত। মোক ৰজাই বৰফুকনৰ খিতাপ দি সেই যুজৰ সেনাপতি পাতিছে।

 ভাৰ্য্য়া। ঈশ্বৰৰ চৰণত মোৰ অশেষ সেৱা।

 লাচিত। বৰফুকননী হলা বুলি হবলা :

 ভাৰ্য্য়া। নিশ্চয় নহয়। আপনি বৰফুকনৰ খিতাপ পালে দেখি।

 লাচিত। মই বৰফুকন হোৱা যাবে তুমিও ভাৰ্য্য়া দেখি স্বভাৱতে বৰফুকননী হলা সেইটো বুজি।

 ভাৰ্য্য়া। নিশ্চয় নহয়। মোৰ নিজৰ চিন্তা ভাৱনাৰ লেখ বুজ মোৰ হাতত নাই। মই মানত কমিলোঁ বা বাঢ়িলোঁ। সেইটোৰ ভু মই নলওঁ। মই মোৰ স্বামীৰ ভাৰ্য্য়া.- তেহেলৈ তেওঁ বৰ