পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
[১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

 টকৌ। মোৰ মনেৰেও হুমুনিয়াহ এটা কাঢ়ি দিয়া ভাল; সি হলে গাজত লাগি যাব।

 সিদ্ধিৰাম। বোলোঁ, আমাৰ গজপুৰীয়াৰ হুমুনিয়াহ গজ- পুৰীয়ানীৰ হে বস্তু। সেই হুমুনিয়াহ লোকৰ ফালে কাঢ়ি পঠিয়ালে গজপুৰীয়ানীয়ে তাতে আপত্তি কৰিব।

টকৌৱে গায়---

গীত।
মৰমৰ চিন চেলেকা-চেলেকি,
। তাৰ। সৰু ভায়েক চুমা।
চুমা মৰিল বিঘিনিত পৰি,
দদায়েক অহিল শুঙা।
শুঙাক গিলিলে হামি-বাঘিনী,
হুমুনিয়াহ ৰল দুৰত,
চাই থাকি হাকুটি লগালে,
মৰম লাগিল বুকুত।

 প্ৰিয়ৰাম। গজপুৰীয়ানীৰ কথা ঠিক , তহঁতৰ এটাই মখাৰে ফটিকাৰ ৰাগি লাগিছে। যাহঁক, আজিলৈ সভা ভাগিল।

[গজপুৰীয়ানীৰ বাহিৰে সকলোৰে প্ৰস্থান। ]

  গজপুৰীয়ানী। (স্বগত) আই ঐ দেহি! কেনেকৈ মাতষাৰ মাতে! “গজপূৰীয়ানী"শুনি থাকিবৰ মন যায়। “গজপূৰীয়ানী" তুমি লাওপানী আনা"!আনিম তো তোমালৈ