পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
[১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

টকৌৱে গায়

গীত।

প্ৰণয়ৰ স্বভাবেই চঞ্চল।
ফটা কাপোৰ পাৰি বহে,
( ধৰে) নতুনৰ আঁচল।
পুৰণি মলঙি টেঙিল,
নতুন পাগ উঠিল,
কৰাল কুমলি গল,
জোৰা শুলকিল।

গজপুৰীয়াই গায়--

গীত।

চত মহীয়া পকা ঔ
কেচিল কেচাৰ লগত,
লাওপানীৰ জাপত পোখা
ওলাল শুকান গছত।
গজপুৰীয়াৰ গজ-মুকুতা
পোহৰ তিৰবিৰায়,
গজপুৰীয়ানীয়ে লাগ টকা.
হাটত বেচি পায়।