পলম নাই;-হৈ আহিছোঁৱেই!! দেউতা ঈশ্বৰ, সেই ফিৰুজখাঁৰে সৈতে লগা একেদিনৰ যুজখনতে বন্দীৰ গাৰপৰা তিনি কলহমান ঘাম ওলাই গল। তেতিয়াৰেপৰা মই গাকে কৰিব পৰা নাই দেউতা ঈশ্বৰ। বৰ পিয়াহত অন্তেকণ্ঠে শুকাই থাকে।
বৰফুকন। (হাঁহি) যিমানখিনি ঘাম ওলাই গল, সিমানখিনি লাওপানী আজিলৈকে তোৰ গাত সোমোৱা নাই নে?
গজপুৰীয়া (হাত জোৰকৈ ) দেউতা ঈশ্বৰ, কত সোমাবলৈ পাব, দুখীয়া মানুহ, দেউতা ঈশ্বৰ!
বৰফুকন। ( হাঁহি) বাৰু যা, তোৰ হাজৰিকানীক ক গৈ যে তাই গা ভৰাই অলঙ্কাৰ পাব, -আজিকালিৰ ভিতৰতে আমাৰ সকলো ৰণুৱাক ৰূপবান টকা-কড়ি বঁটা দিবৰ মই দিহা কৰিব লাগিছোঁ, তয়ো পাবি।
গজপুৰীয়া। বন্দীক ভালকৈ বঁটা দিব লাগিব দেউতা ঈশ্বৰ। আগৰ বেলি ৫০০ মছলমানক, আৰু এইবেলি ৯৯৯টা মছলমানক মই বন্দীয়ে এই গেন্ধেলা হাতেৰে তৰোৱাল ধৰিয়েই অকলৈ কচু- কটা দিলোঁ। দেউতা ঈশ্বৰ! আনে নেদেখিলেও ডেকাফুকন দেউতাই মোৰ সেই কেৰামতালি দেখিছে, দেউতা ঈশ্বৰ!
প্ৰিয়ৰাম। মই কেতিয়া তোৰ কেৰামতালি দেখিলোঁ অ?
গজপুৰীয়া। বোপাদেউতা, আপুনি মোক এইদৰে দোচো- ৰালিত পেলাই মিছলীয়া পাতি ৰং কৰিলে, মই নো আৰু কাৰ চৰণৰ ধূলিত পৰি মুখ জুৰাম? মোৰ কোন আছে কোনে মোৰ