পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯ম দৰ্শন, ]
১৫৩
চক্ৰধ্বজসিংহ।

দীঘলকৈ চেলাম দি) মছলমানেৰে সৈতে লগাখনৰ ওৰ পৰিল দেউতা। কিন্তু মোৰ ঘৰত লগাখন ওৰা ধৰি উঠি তুমুলকৈ লাগিছে হে।

 বৰফুকন। ঘৰত কাৰে সৈতে এইখন তোৰ যুজ লাগিল অ?

 গজপুৰীয়া। ডাঙৰীয়া দেউতাৰ বেটী, এই বুঢ়া গজপুৰীয়া হাজৰিকাৰ ঘৈণী, মহাৰথিনী হাজৰিকানী গজপুৰীয়ানীৰে সৈতে গজপুৰীয়াৰ, দেউতা ঈশ্বৰ।

 বৰফুকন। কিয়?

 গজপুৰীয়া। তাই মোৰে সৈতে তয়াময়া দন্দ পাতি কৈছে যে “তুমি মছলমানেৰে যুজ জিকিলা, এতিয়া তুমি আমাৰ মালিক বৰফুকন দেউতাক কৈ, কেৰু মণি অলঙ্কাৰ-পাতি আনি মোৰ গা ভৰাই দিয়াঁ, নইলে ভাত নিদিওঁ। ”

 বৰফুকন। (হাঁহি) তোক তাই ভাত খাবলৈ নিদিয়ে নিদিয়ক, লাওপানী খাবলৈ দিব তো? নাই, লাওপানীও নিদিওঁ বুলিছে?

 গজপুৰীয়া। দেউতা ঈশ্বৰ, বন্দীৰ বেজাইৰো গুৰি সেই ফেৰাইহে। তাই বন্দীৰ মুখত পানী নিদি বন্দীক শুকাই মাৰি– বলৈ গৈছে দেউতা!

 প্ৰিয়ৰাম। তই অলপ শুকালেহে ভাল। যেনেকৈ উখহিছ, সৌ নৰকাসুৰৰ পৰ্ব্বতটোৰ শাৰীতহে শেহত তোলৈ ঠাই হব গৈ।

 গজপুৰীয়া। ডাঙৰীয়া দেউতা, মানুহে মোৰ ওপৰত যেনেকৈ

“নজৰ দিছে” মই শুকাই খেৰ-সনিডাল যেন হবলৈ আৰু সৰহ