বইৰাম। মিঞা, তামোচা নহয়, মই হলে সচাঁসঁচিকৈ কওঁ, ভগৱতী কামাখ্যাৰ প্ৰসাদত এই মলুকৰ মানুহক কোনেও বলে নোৱাৰে হজুৰ। আমাৰ ইয়ালৈ অহাই ভুল হৈছিল।
নচৰৎ। বেচক্। ৰচিতখাঁই সেইটো বুজিয়েই আগেয়ে পলাই গল।
( কিৰাতসিংহ বৰ্ত্তিয়াৰ প্ৰবেশ)
কিৰাতসিংহ। (ৰামসিংহক চেলাম কৰি) হজুৰ, মই হজুৰক জনাওঁ যে এই যুজত হৰা বাবে বিশেষ বেজাৰ পাবৰ আমাৰ একো কাৰণ নাই। আমি মানুহেৰে সৈতেহে যুজিব পাৰোঁ, ভূত প্ৰেত পিশাচেৰে যুজিম কেনেকৈ হজুৰ? অসমীয়া মানুহে মহাদেৱ পাৰ্ব্বতীৰ সাধনা কৰি কৈলাশৰ ভূত, প্ৰেত, পিশাচ, ডাকিনী, যোগিনীবোৰ নমাই আনি আমাৰ সেনাক মাৰিবলৈ লগাই দিছিল হজুৰ। ৰঘুনাথ সিংহজী মৰি গল, তেওঁ মোক কৈছিল এই যুজুৰ এঠাইত হেনো এটা অসমীয়াই ফুৱাই মন্ত্ৰ মাতি এমুঠি সৰিয়হ আমাৰ চিপাহীবোৰৰ ফাললৈ মাৰি পঠিয়ালে। একো একোটা সৰিয়হ হেনো একোকুৰা জুই হোৱাদি হৈ যাৰ যাৰ গাত পৰিল, তাক তেতিয়াই দহি পেলালে হজুৰ! মই নিজ চকুৰেই দেখা এটা কওঁ অলপ দূৰৰ পৰাই দেখি আছিলোঁ। এটা ভূতে এটা হাতী যেন শকত মানুহৰ ৰূপ ধৰি আমাৰ মৰা চিপাহীবোৰৰ মাজে মাজে কিবা জুমি