পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৫০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮ম দৰ্শন, ]
১৪৭
চক্ৰধ্বজসিংহ।

অসমীযা সেনা, তেনে অসমীয়া সেনাপতি। -কি কৌশলী! কি দূৰদৰ্শী!—এই লাচিত বৰফুকন!—বাস্তবিক এনে এজন বুদ্ধিমান সেনাপতি মই আগেয়ে লগ পোৱা নাছিলোঁ। মানুহজনৰ কি দীঘল দৃষ্টি! মই এমাহৰ পিছত যিটো কৰিম বুলি মনতে ভাবি থওঁ, লাচিতে কেনেবাকৈ সেইটো বুজি, আগেযেই তাৰ প্ৰতিবিধান কৰি থয়। আৰু এটাত নহয়, দুটাত নহয়, প্ৰত্যেক পদতে। — ধন্য লাচিত! ধন্য! তুমি যদি ভাৰতৰ এই এচুকত নহৈ দিল্লীত হলা- হেঁতেন, তোমাক যদি আমাৰ আউৰেংজীব বাদস্যাই পালেহেঁতেন, তোমাক লৈ বাদস্য়াহে গোটেই ভাৰতবৰ্ষ জয় কৰিব পাৰিলে- হেঁতেন। ৰামসিংহ ক্ষত্ৰিয়। মহাশত্ৰুৰো বলবীৰ্য্য়ৰ সন্মান ক্ষত্ৰিয়ই কৰিব জানে। লাচিত, তোমাৰ আগত মই মাথা দোৱাওঁ।

 নচৰৎ। ( মূৰ দোৱাঁই) জোনাব!

 বাইৰামদেও। হজুৰ, কামৰূপ-কামাখ্যা ডাকিনী-যোগিনীৰ মলুক বুলি আমি আগেযে শুনিছিলোঁ; এতিয়া নিজ চকুৰেই দেখিলোঁ। এই দেশৰ বিল্কুল মানুহে ভোজবাজী, যাদু আৰু মন্ত্ৰ জানে হজুৰ! ইহঁতে এঠাইৰপৰা এঠাইলৈ গছ চলাই দিয়ে। মোৰ কিন্তু ইহঁতে গছ চলোৱাটো দেখিবৰ বৰ মন আছিল হজুৰ।

 নচৰৎ। কিয়? নেদেখিলা জানো?

 বইৰাম। কত?

 নচৰৎ? আমাৰ ওপৰত।