পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
[১ম অঙ্ক,
চক্ৰধ্বজসিংহ।

 গণক। ( পুথি পাঁজী মেলিবৰ উদ্যোগ কৰি)--

"লাফ মাৰি পাবা ডেকা গছৰ তামোল,
পুৰণি মদাৰৰ পাণ।
দুখনি ঠগি শৰাইত সজাই-পৰাই,
গণকক দিয়া দান। ”

(ৰজাৰ ইঙ্গিত মতে এজনে দুখন ঠগিত তামোল পাণ আনি গনকৰ আগত থয়। গণকে পথি পাঁজি চাই কিছু বেলিৰ মূৰত কয়।

 সৰ্গদেও ঈশ্বৰৰ একাদশত বৃহস্পতি। বোলে “ কিং কুৰ্ব্বন্তি গ্ৰহাঃ সৰ্ব্বে যসা কেন্দ্ৰে বৃহস্পতি। " সৰ্গদেও-ঈশ্বৰ যুদ্ধত জয়যুক্ত হোৱাটো কৈছে। সৰ্গদেও ঈশ্বৰ, এতিয়া গ্ৰহৰিপ্ৰক সন্তুষ্ট কৰিব লাগে। গ্ৰহবিপ্ৰক সন্তুষ্ট কৰিলে গ্ৰহসকলো সন্তুষ্ট হয়।

 চক্ৰধ্বজ। ( বৰভৰালী বৰুৱালৈ চাই। গণক বাপুক ভালকৈ দক্ষিণা দিযা হওক।

 বৰভৰালী বৰুৱা। যি আদেশ সৰ্গদেও!

(দেওধাই আৰু বাইলুঙৰ প্ৰবেশ। )

 চক্ৰধ্বজ। তোমালোকে কি পালা

(বাইলুঙে গায়) -----

"ওপৰ দিখৌৰে শিল-ঘঁৰিয়া
বৰ পথাৰৰে জহা।
ৰাজ ভঁৰালৰ সোণ খৰাহিৰে,
দিয়ক বাইলুঙক বঁটা। ”