অষ্টম দৰ্শন।
স্থান-মানাহ নদীৰ পশ্চিম পাৰ। ৰামসিংহৰ শিবিৰ।
কাল— ৰাতি।
( ৰামসিংহ, বইৰামদেও, নচৰংখাঁ)
ৰামসিংহ। ( আমন-জিমনকৈ বহি) মই কেনেকৈ উভতি গৈ আউৰেংজীব বাদস্য়াৰ আগত মুখ দেখুৱাওঁ, তাকে ভাবিছোঁ এতিয়া। বাদস্যাৰ ইমানবোৰ বন্দুক, তোপ, যুজৰ নাও আদি সৰঞ্জাম ধ্বংস হল। তাৰ উপৰি অসমীয়াই আমাক মানাহৰ ইপাৰ কৰি খেদিলে। এনে অপমানতকৈ মৃত্যু শতগুণে শ্ৰেয়ঃ। — অসমীয়াবোৰ কি ভয়ানক যোদ্ধা! কি সাহসী বীৰ! সকলো কাৰ্য্য়তে নিপুণ! মইতো দেখি “তাইজপ” মানিলোঁ! প্ৰত্যেকটো অসমীয়া সেনাক যি কামতে লগাই দিয়া সেই কামতে সি পকা। — নাও বাবলৈ লগাই দিয়া, আমাৰ দেশৰ ভাল নাৱৰীয়াইও তাৰ নিচিনাকৈ নাও বাব নোৱাৰে; মাটি খনিবলৈ লগাই দিয়া, দেখিবা সি সুন্দৰকৈ মাটি খানিছে; হিলৈ মাৰিবলৈ,বন্দুক মাৰি বলৈ, কাঁৰ মাৰিবলৈ দিয়া, সেই সকলোবোৰতে সি সুনিপুণ। মই ভাৰতবৰ্ষৰ কত ঠাইত কত ৰকম মানুহ দেখিলোঁ, কত ৰকম যুজাৰু সেনা দেখিলোঁ—কতো এনে সেনা, হিন্দুৱেই হওক, বা মছলমানেই হওক—কতো এনে সেনা দেখা নাছিলোঁ। —আৰু যেনে