এটা গুলি লাগি চৰিপ খাঁ সেনাপতি পৰিল। যেতিয়া মছলমান সেনাই চৰিপখাঁক পৰা দেখিলে, সিহঁতৰ ভিতৰত বেমেজালি লাগি পৰিল; আৰু যেয়ে যেনিয়ে যেনেকৈ পালে পলাবলৈ ধৰিলে। কিছুমান নুবুৰা নাও লৰালৰিকৈ ভটীয়াই দিলে। সিহঁতক আমাৰ তোপৰ গুলিয়ে যিমান দূৰলৈকে পাৰে খেদিলে। আৰু আমাৰ সেনায়ো সিহঁতক পিছে পিছে খেদি নিলে। মছলমানৰ বহুত বন্দুক, তোপ, হিলৈ, খাৰ, নাও আৰু চিপাহী আমাৰ হাতত পৰিল।
চক্ৰধ্বজ। ধন্য লাচিত বৰফুকন! ধন্য! ভঁৱালী-বৰুৱা, এই কটকীক ৰাজভঁৰালৰপৰা উপযুক্তৰূপে বঁটা দিয়া হওক। নগৰত ঢোল পিটি শুনাই দিয়া হওক, যেন সকলোৱে আজি আনন্দ উৎসৱ কৰে। আজি ৰাতি গোটেইখন নগৰত চাকি লগাবলৈ হুকুম দিয়া হওক। দেৱালয় আৰু গোসাঁইঘৰ নাম- ঘৰত পূজা, নামপ্ৰসঙ্গ আদিৰ বন্ধবস্ত কৰা হওক। (অলপ ভাবি) কিন্তু বৰ আশ্চৰ্য্য়ৰ বিষয়, গণকহঁতে এনে কাৰ্য্য় কৰিছিল কিয়? মছলমানৰ নাও আহি গুৱাহাটীৰ পোন পালেহি, তথাপি তোপ চলাবলৈ নিদিয়ে!! ৰামসিংহৰ ফালৰপৰা কিবা ভেটিয়ে সিহঁতৰ শুভক্ষণটো পিছহোহোকাই নিছিল নে কি?
ভঁৰালীবৰুৱা। এৰা দেখোন কাৰ্য্য়টো বৰ সন্দেহজনক।
চক্ৰধ্বজ। যি হওক, ঈশ্বৰে আমাক ৰক্ষা কৰিলে। আজিলৈ সভা ভঙ্গ কৰিলোঁ।
[ প্ৰস্থান।
⸻
- ১০