পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪
[ ৫ম অঙ্ক,
চক্ৰধ্বজসিংহ।

নাওবোৰ উজাই আনিবৰ দেখি আমাৰ পানীফুকনে সেইবোৰৰ ওপৰত, গুৱাহাটীৰ পাৰৰপৰা তোপ চলাবলৈ হুকুম দিলে। কিন্তু গণকহঁতে তেতিয়া ক্ষণ বেয়া বুলি কৈ আমাৰ মানুহক তোপ চলাবলৈ মানা কৰিলে। মছলমানৰ নাও আন্ধাৰুবালিৰ পোন পালেহি, তথাপি গণকে শুভক্ষণ মিলা নাই বুলি আমাৰ মানুহক তোপ চলাব নিদিয়ে। এই কথা পানীফুকনে বৰফুকনলৈ লৰা- লৰিকৈ কৈ পঠিয়ালে। বৰফুকনৰ তেতিয়া তিৰ্ কঁপে জ্বৰ, তেখেতে শোৱাপাটীৰপৰা উঠিবই নোৱাৰে। কিন্তু খবৰটো শুনিয়েই তেখেতে একেচাবেই পাটীতে উঠি বহি ছালপীৰাৰে সৈতে তেখেতক বাহিৰলৈ নিবলৈ কলে। বাহিৰলৈ গৈয়েই তেখেতে মছলমানৰ যুজৰ নাও আহি গুৱাহাটীৰ পোন পোৱা দেখি, ছালপীৰাখন মাটিত থবলৈ নিদি একেবাৰেই নাৱলৈ নিবলৈ কৈ নাও মেলি দিয়ালে। বৰফুকনৰ নাও মেলি দিয়া দেখি সকলো বিচুৰ্ত্তি হল, আৰু যেয়ে যেনিয়ে পালে, নিজ নিজ নাও বৰফুকনৰ নাৱৰ আগ কৰি মেলি দিলে! এটা তুমুল হুলস্থল লাগি পৰিল, আৰু নাৱেৰে নাৱেৰে ব্ৰহ্মপুত্ৰ ঢাক খাই পৰিল। — এনে কি নাৱে নাৱে ভৰি দি ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰ হব পৰা হল সৰ্গদেও। বৰফুকনৰ খং দেখি, গণকৰ বাধা নেওচি পেলাই, দুই পাৰৰপৰা আমাৰ মানুহে মছলমানৰ নাৱৰ ওপৰত বৰতোপৰ গুলি বৰষিবলৈ ধৰিলে। মছলমানৰ অনেক সৈন্য ঘোৰাই সৈতে পানীৰ তললৈ গল, অনেক নাও বুৰিল। এনেতে আমাৰ ফালৰ