মিলিল! পানীফুকন ডাঙৰীয়াই সেইদেখি মোক লৰুৱাই পঠিয়াই দিলে দেউতাক জনাবলৈ। মছনলমানৰ নাৱৰ সেনাপতি চৰিপখাঁই আমাৰ পানীৰখীয়া সেনাক পৰাস্ত কৰি উজাই আহিল। তাকে দেখি পানীফুকন ডাঙৰীয়াই মছলমানৰ নাৱৰ ওপৰত গুৱাহাটীৰ পাৰৰপৰা তোপ চলাবলৈ হুকুম দিলে। কিন্তু গণকহঁতে—“এতিয়া ক্ষণ বেয়া, ক্ষণ ভাল হলে আমি কম,” বুলি আমাৰ মানুহক তোপ মাৰিবলৈ মানা কৰিলে। চাই থাকোঁতে থাকোঁতে শত্ৰুৰ নাও আহি অন্ধাৰু বালিৰ পোন পালেহিয়েই, তথাপি গণকহঁতে এতিয়াও শুভক্ষণ মিলা নাই বুলি কৈ আমাৰ মানুহক তোপ চলাবলৈ হাক দি আছে।
বৰফুকন! (একেচাবেউ উঠি বহি, আকৌ ভাগৰত বিছনাত পৰি) কি! এতিয়াও আমাৰ মানুহে গণকৰ কথা শুনি দুই পাৰৰপৰা তোপ চলোৱা নাই?
বুঢ়াগোহাঁই। আপুনি শোৱক, মই কি হৈছে শোধোঁ।
বৰফুকন। কি হব, আৰু সৰ্ব্বনাশৰ উদ্যোগ হৈছে! হেৰ প্ৰিয়ৰাম, লগুৱাহঁতক মাত, বেগতে মোক এই ছালপীৰাৰে সৈতেই বাহিৰলৈ নিয়ক, কি হৈছে মই চাওঁ। মাত, মাত, বেলি নকৰিবি!
- (চাৰিটা লগুৱা আৰু শ, খো, গোহাঁইৰ প্ৰবেশ)
- (সকলোৱে হতাহতি কৰি ধৰি ছালপীৰাৰে সৈতে বৰফুকনক
- বাহিৰলৈ নিয়ে। )
- (সকলোৱে হতাহতি কৰি ধৰি ছালপীৰাৰে সৈতে বৰফুকনক
বৰফুকন। (বাহিৰলৈ ওলাই, নৈৰ ফালে চাই, ছালপীৰাখন