তাৰ ফল ভাল নহব; সেইদেখি আমি সুযোগ বিচাৰিব লাগিছোঁ। কিন্তু সৰ্গদেৱে মোৰ কথাত নামঞ্জুৰ হৈ বৰং মোৰ ওপৰত খংহে কৰি টানকৈ হুকুম দি পঠিয়ালে যে দলিবাৰীৰ কোঠতে ৰামসিংহক আক্ৰমণ কৰি যেনে-তেনে-মতে ঘটুৱাব লাগে। সৰ্গদেৱৰ এনে আদেশত মই মৰণান্তিক হলোঁ। কিন্তু কি কৰোঁ, নিৰুপায় হৈ আমাৰ সেনাক গৰৰ ভিতৰৰপৰা উলিয়াই পঠিয়াব লগীয়াত, পৰিলোঁ। সেই কাৰ্য্য়ৰ ফল যি হব মই আগেয়েই বুজিব পাৰি- ছিলোঁ--উস্ আমাৰ ইমানবোৰ সেনা অনাহকতে নিপাত হল! একো-একোটা ৰণুৱা একো-একোটা হাতীৰ নিচানা; তাৰে ঘাটি হয় বুলিহে আমি আগ-পিছ চাওঁ। কেইখন ডাঙৰ যুজ হৈ গল, তাতো আমাৰ ইমানবোৰ মানুহ নপৰিল। আজি সামান্য কথা এটাতে আমাৰ অতবোৰ সৈন্য লয় পালে!
শ, খো, গো,। হয় দেউতা, আজি অনাহকতে আমাৰ বৰ হানি হল।
বৰফুকন। কি কৰিবা বোপা! অদৃষ্ট! এই যুজৰ বাতৰি, ৰজালৈ জনাই কটকী পঠিয়াই দিওঁ; বোপা, কটকীক মাতাঁচোন।
বুঢ়াগোহাঁই। বৰফুকন ডাঙৰীয়া, মই কওঁ, এইখন যুজৰ কথা সৰ্গদেৱলৈ জনাবৰ সকাম নাই। বাৰীৰ ভিতৰৰ পুখুৰী এটা সিঁচিলেও আঠ-দহটা মানুহক শিঙ্গিয়ে ফুটে; এখন ৰণত আঠ- দহ হেজাৰ মানুহ পৰিল, তাকে আকৌ সৰ্গদেৱক জনাব লাগে কিয়? ইয়াৰ প্ৰতিশোধ আমি বঙালৰ ওপৰত লৈ তাৰ বাতৰি