পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ১ম অঙ্ক
চক্ৰধ্বজসিংহ।

 বৰপাত্ৰগোহাঁই। হওঁতে হয় সৰ্গদেও, বৰগোহাঁই ডাঙৰীয়াৰ কথা একেবাৰেই দলিয়াই পেলাব নোৱাৰি; আমাৰ এনে ককাল- ভগা অৱস্থাত আকৌ ন-কৈ যুজ এখন পাতি লোৱাটো সুবিধাজনক কত হব হবলা।

 বৰগোহাঁই। মোৰ মনেৰে সৰ্গদেও, এতিয়া আমাৰ যুজৰ সময় নহয়। মুছলমানক চেচনি-বুজনি দি এতিয়া চেচা কৰাটো হে যুক্তিসিদ্ধ; জ্বাল দি উতলোৱাটো ঠিক নহয়।

 চক্ৰধ্বজ। বৰগোহাঁই ডাঙৰীয়া, মছলমানক চেচনি-বুজনি দি চেচা কৰা মানে, মছলমানৰ আগত গল-বস্ত্ৰ হৈ আমাৰ গোটেই দেশখন তেওঁলোকক দান কৰা; আৰু তেওঁলোকক পুজি, পাৰিলে, কৰতলীয়া হৈ কোনোমতে ৰজা নামটো লৈ পেট প্ৰবৰ্ত্তাই থকা। ডাঙৰীয়াসকল, এনে কাম, মই হলে জীয়াই থাকোতে কৰিব নোৱাৰোঁ। চক্ৰধ্বজ সিংহৰ শৰীৰত খুনলাই. খুনলুঙৰ এটোপা তেজও থাকে মানে চক্ৰধ্বজ সিংহই মছলমান পাটচাৰ ওচৰত মুৰ নোদোৱায়, এইটো ঠিক। জয়ধ্বজ সিংহ সৰ্গদেৱৰ দিনত সনা আসামৰ গাৰ কলঙ্কসোপা হয় চক্ৰধ্বজে গুচাব, নহয় চক্ৰধ্বজ সমূলী বিনাশ হব। ডাঙৰীয়াসকল, মই ৰাজপাটত উঠিবৰেপৰা আজি চাৰি বছৰ মাথোন মোৰ এই একেটা চিন্তা। সেইদেখি এই কেই বছৰ সেনা সংগ্ৰহ, সৈন্য শিক্ষা, আৰু ঠায়ে ঠায়ে কোঠবোৰ বাতিবুতি দৃঢ় কৰা কাৰ্য্য়ত মোৰ সকলো চিন্তা সকলো চেষ্টা নিয়োজিত হৈছে। আপোনা