পৃষ্ঠা:চক্ৰধ্বজ সিংহ.djvu/১২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২২
[ ৫ম অঙ্ক,
চক্ৰধ্বজসিংহ।

দ্বিতীয় দৰ্শন।

স্থান- ৰামসিংহৰ কোঠ।

কাল-ৰাতি।

(ৰামসিংহ, নচৰৎখাঁ, বইৰামদেও। )

( দূতৰ প্ৰবেশ)

 ৰামসিংহ। দূত, মিঞা ৰচিতখাই কি কলে? কিয় নাহিল?

 দূত। তেওঁ গান বাজনা আৰু মদত মত্ত হৈ আছে হজুৰ। মই ইমানকৈ কলোঁ-বৰ জৰুৰী, হজুৰৰ হুকুম, আহিব লাগে বুলি, কিন্তু তেওঁ উলটি টান টান কথা হে কলে; সেইবোৰ হজুৰৰ কাণত পেলোৱা উচিত নহয়।

 ৰামসিংহ। মই বেছ বুজিছোঁ, ৰচিতখাঁৰ মতলব ভাল নহয়। আগৰেপৰা ৰচিতাখাঁৰ লগত অসমীয়া মানুহৰ জনাশুনা আছে; আৰু এতিয়াও ৰচিতে অসমীয়াৰ ওচৰ চাপি কোঠ পাতি আছে। এনে বিপদৰ সময়ত মাতি পঠিাৱাতো নাহিল। মই বুজিছোঁ, ৰচিতে তলে তলে শত্ৰুৰে সৈতে যোগ হবৰ মতলব কৰিছে।

 বইৰামদেও। খুব সম্ভৱ হজুৰ।

 নচৎখাঁ। (মূৰ দুপিয়াই) জোনাব!

 ৰাম। দূত, তই আকৌ যা, ৰচিতাখাঁক ক গৈ, যে তেওঁৰ কোঠ তাৰপৰা এতিয়াই ইয়ালৈ উঠাই আনক। কবি, আউৰেং-