এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন, ]
১২১
চক্ৰধ্বজসিংহ,
এতিয়াই মোৰ লগতে সেনাপতিৰ ওচৰলৈ যাব লাগে।
ৰচিতখাঁ। (দূতক) “নিকালো আভি! তোমাৰা ৰাম- সিংহকু বোল দেও, চইতানকু মলুক মে যানেকু! হম উস্ কা নৌকৰ নেহি। ”
দূত। জোনাব! আপুনি সেনাপতিৰ হুকুম অমান্য কৰি ভাল কৰা নাই।
ৰচিতখাঁ। “তোম কোন হ্য়ায়, হামকু এইস্যা বাত বোলনেকু? নিকাল! নাহি তো--( ফাকৰপৰা তৰোৱাল উলিয়ায় )
[ দূত আৰু দুৱৰীৰ প্ৰস্থান।
“হাম ৰামসিংহকা তাবেদাৰ হোকে হিয়া নাহি লড়াই কৰেঙ্গে। লাও চিৰাজি! গাও গান। ”
[ পটপৰিবৰ্তন।
___________