এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১ম দৰ্শন ]
১১৫
চক্ৰধ্বজসিংহ।
পঞ্চম অঙ্ক।
প্ৰথম দৰ্শন।
স্থান-ৰচিতখাঁৰ তামিধৰা। মজ্লিচ্!
কাল-ৰাতি।
ৰচিতখাই বহি গুৰ্ গুৰিত ধপাত খাইছে। তেওঁৰ জনচেৰেক বন্ধু কাষতে।
- আগতে ফটিকাৰ পাত্ৰ আৰু পিয়লাবাটি। সমুখতে হাজোৰ নটীয়ে
- নাচগান কৰিছে। বেহেলা বজোৱাই, তবলা বজোৱাই,
- আৰু খুটিতাল বজোৱাই বেহেলা তবলা আৰু
- খুটিতাল বজাইছে।
- আৰু খুটিতাল বজোৱাই বেহেলা তবলা আৰু
- নাচগান কৰিছে। বেহেলা বজোৱাই, তবলা বজোৱাই,
- আগতে ফটিকাৰ পাত্ৰ আৰু পিয়লাবাটি। সমুখতে হাজোৰ নটীয়ে
নটীয়ে গাইছে--
(কীৰ্ত্তন)
"বঁধুৱা কি আৰ কহিব আমি।
জীবনে মৰণে জনমে জনমে
প্ৰাণনাথ হৈয়ো তুমি।
তোমাৰ চৰণে আমাৰ পৰাণে
লাগিল প্ৰেমেৰ ফাঁসী।
মন প্ৰাণ দিয়ে সব সমপিয়ে
নিশ্চয় হইসু দাসী।