হিয়াৰ দেৱৰ চৰণ দুটীক
গীতেৰে ঢুৱাই গল।
শ, খো, গো,। কি সুন্দৰ! কি সুন্দৰ!—আইদেউতা, মই কাইলৈ যুজলৈ যাবলৈ ঠিক কৰিছোঁ। বৰফুকন দেউতালৈ লেখেছিলোঁ, তেখেতে মোক যাবলৈ অনুমতি দিছে; সৰ্গদেৱৰো হুকুম পাইছোঁ।
ফুকননী। বোপা তুমি তলে তলে এইবোৰ কেতিয়া ঠিক কৰিলা, আমি গমকে নেপালোঁ।
চেনেহী। বেছ হৈছে। শুনি মোৰ বৰ আহলাদ হৈছে।
ৰূপহী। মোৰো আহলাদ হৈছে; কাৰণ গুৱাহাটীৰ শুৱাল- কুচিৰ ফালে ভাল তেল পোৱা যায়; আহোঁতে বাইদেওলৈ এচুপি লৈ আহিব পাৰিব।
ফুকননী। যোৱাঁ বোপা যোৱাঁ! তোমালোকক ঈশ্বৰে যুদ্ধত জয়যুক্ত কৰি আনক। মই তেন্তে ডাঙৰীয়া আৰু বৰ- বোপালৈ কাঁহুদি, খাৰলি আৰু বগৰিগুৰিৰ টোপোলো এটা দিম, তোমাৰ লগতে।
শ, খো, গো,। দিব, মই লৈ যাম।
ৰূপহী। এইবাৰ বাইদেৱে আৰু একৰকম গীত ৰচি গাবলৈ সুবিধা ওলাল;—যাক কাইব কৰোতাসকলে বোলে বিৰহ। -- অৰ্থাৎ ৰহ বাহী হৈ টেঙেচি মৰহা বা বিৰহ হোৱা।
ফুকননী। ৰূপহী, সঁচাকৈ তই আমাক হাইৰাণ কৰিলি।