এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩য় দৰ্শন ]
৯৯
চক্ৰধ্বজসিংহ।
চেনেহী। ' (খংকৰি তাঁতৰপৰা উঠি) আইতা, মই ৰূপহীৰ তাপত তাঁত-সূত একো বব নোৱাৰোঁ। থাকিল এইবোৰ ইয়াতে পৰি!
(ফুকননীৰ প্ৰবেশ )
ফুকননী। হেৰ ৰূপহী, তই ইমান দুষ্টালি কৰিবলৈ ধৰিছ কিয়? নিজে তো তাঁত-সূত একো নবৱ, একো নকৰ,আৰু বাইদেৱেৰকো আমনি কৰি বব নিদিয়?
ৰূপহী। মই কি কৰিছোঁ? তেওঁৰ ওচৰলৈকে মই দেখোন যোৱা নাই। মই মেকুৰীপোৱালিটোৰ সৈতে হে কথা পাতিছোঁ। ( মেকুৰীলৈ চাই) নহয় নে বোলোঁ মেওঁ!--
“মাকতকৈ জীয়েক কাজী।
ঢেকীঠোৰাৰে বাটে পাঁজী।
ঘৰপুৰিলে কৰাই ভাজি॥”
চেনেহী। দেখিছা আই , দেখিছা?
( মাকে ৰূপহীক মাৰিবলৈ খেদি যায়। ৰূপহী লৰি পলায়। )
(শদিয়াখোৱাৰ প্ৰবেশ )
শ, খো, গো,। কি হল? সেই বনৰীয়া ছোৱালীজনীয়ে দুষ্টালি কৰিছে হবলা?