পৰা টানি বাহিৰলৈ উলিয়াই অলপ পোহৰ দেখুৱাবৰ নিমিত্তে বাদ- স্য়াই মোক পঠিয়াই দিছে। (বাইৰামদেৱে হাঁহে)
নচৰতখাঁ। ( মূৰ দুপিয়াই) জোনাব!
কটকী। ( চেলাম কৰি অসমীয়াতে কয়) বোলোঁ এতিয়া গেলা গপ মাৰি থাকাহঁক, পিছত কাচুটি এৰি পলাব লগীয়া নহ- লেই ভাল।
বইৰামদেও। কি কৈছা, আমি বুজিব পৰা ভাষাত নোকোৱা কেলৈ? ভয় নকৰিবা।
কটকী। (আকৌ অসমীয়াতে) কৈছোঁ ৰালেঁ। তোমা- লোকৰ কাচুটিত পোদ্ধ নেথাকেই; সেইদেখি সৰৰ বেগত এৰি পলাবলৈকো সুবিধা হব।
ৰামসিংহ। দূত, তুমি কি কৈছা, আমি বুজাকৈ কোৱাঁ। আমাৰ আগত একো ভয় কৰিবৰ আৱশ্যক নাই।
নচৰতখাঁ। (মূৰ দুপিয়াই) জোনাব!
কটকী। হুজুৰ মোৰ হিন্দিভাষাত বৰ দখল নাই, সেইদেখিহে মুখত আমাৰ দেশৰ মাত ওলাই পৰে; ভয় কৰি নহয়। মই হুজুৰক চেলাম জনাই বিদায় হে মাগিছিলোঁ।
ৰামসিংহ। আচ্ছা যাব পাৰা।
[ কটকীৰ প্ৰস্থান।
ৰচিতখাঁ। (ৰামসিংহ) "জোনাব,আসাম মলুককা আদমি বৰা চয়তান। "