পৃষ্ঠা:ঘোৰা নিদান.djvu/৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

88


১০৬। সৰ্ব্ব ৰোগ নাস।


 ঔষধ—১। গাখিৰ একলহ, গুৰ একলহ, ভাঙগুৰি এসেৰ, তিনিকো পাগি লাৰু কৰিব, একইশ দিন ঘোৰাক খুব সৰ্ব্বৰোগ নাস হই গা হই।

 ২। নিতে এটা বৰালি মাছ সিজাব, চৰিয়া এটাত কাইট গুচাই কেচা তেল এপোৱা মিহলাই খুয়াব সব ৰোগ গুচে।

 ৩। নগাপান নপাত, শুখন মৰিচৰ গুৰি দুতোলা মাহেকত খুয়াব।

 ৪। ধান্য, মাল, কুকুৰা সহিতে সকলো বাখৰ দি ৰান্ধি একৈশ দিন খুয়ালে মহা বেগৱন্ত হই সকলো ব্যাধি গুচে।

 ৫। মাকত গুটি আদপোৱা, তৰুয়া কদমৰ চাল আদপোৱা, জলকিয়া আদপোৱা, লোন পাচ টকা, লঙ্কা দুটকা, সবাকে বটি ঘোৰাক খুয়াব, সমস্ত ব্যাধি নাস।

 ৬। পিপলী চাৰি তোলা, ধনিয়া চাৰিতোলা, জনি চাৰি তোলা, বনজনি চাৰি তোলা, হালধি চাৰি তোল, গোক্ষিৰ কটা চাৰি তোলা, গুৰ চাৰি টকা, বচ দুতোল, চেনি দুতোলা, হিঙ্গ দুতোলা, ভটিয়া লোন চাৰি তোলা, উজনিয়া লোন চাৰি তোলা, নিমখ চাৰি তোলা, পোৰালালতি চাৰি তোলা, বিৰিঙ্গগুতি চাৰি তোলা, পলাশ চাৰি তোলা, সবাকো মিহলাই হাৰিত ভৰাই মুখ বান্ধি ধানৰ ভিতৰত আঠ দিন পুতি থব নিতে আঠতোলা প্ৰমানে ঘোৰাক খুৱালে সকলো বাত গুচে; সাফৰ লৰাও ভাল হয়; পেট উসহি থাকে পেটত বিষ পেলু সমস্তে গুচি গাৱ পুষ্ট হয়ে তপ্তজল খুয়াব পাছে।