পৃষ্ঠা:ঘোৰা নিদান.djvu/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

28


 যি জলকা দি থাকে তাত বাঘজৰিত সৰহ কৰি ধৰিব, বৰিষণত ফুৰাব, সালতো মুখত জৰি আৰি থৈব, এতেকে মন ভাল হই।

 চঁক হলে, ৰাতি ফুৰাব, একাঠু পানীত ফুৰাব, ভাল হল যদি মন চঁক গুছিল।

 যদি জুটি খাই জাই তাত কথা আছে, ঘিলা লগাব, পানীত ফুৰাব, খুৰাৰ ধাৰ কাটিব।

 যদি আগুলা আফালে তাত আগলৈ হালি বহিব মুণ্ড পেলাব জুৰাই উঠিব।

 কেকোৰা থাকে হাত ৰোলত ফুৰাব, ডেঢ়ি কৰি বহিব। যদি মুৰকো জোঙ্কৰা কৰে, তাত হাত নিৰহ কৰিব, হিয়াৰ বান্ধ জুৰি ধৰিব।

 যদি আগুনা বেঙ্কা কৰে তাৰ টাবত জৰি মেৰাব, হাততো সৰহ দিব।

 যদি নেজ বেঙ্কা কৰে ডেঢ়ি কৰি বহিব, যদি নেজ নেমেলে তাৰ তলচাৰ তলত কাঠৰ মাৰো পাৰি বহিব।

 যদি টিকা জোকাৰি থাকে তাৰ আগুলাত ঘিলা লগাব, হাত ডাঙ্গি বুকু মেলি হুহকি বহিব তেবে টিকা জোকৰা গুচে।

 আগুলা খৰ হই দীঘল হৱে যদি আগুলাৰ তলে ঘিলা লগাব, হাততো চিপহা দিব। পাছলা যদি খৰ হই তাতে ঘিলা লগাব, যদি ঘূৰণিয়া হই হাততো জনাব।