পৃষ্ঠা:ঘোৰা নিদান.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

26

কুস্বভাব আৰু তাৰ প্ৰতিকাৰ।

 ঘোৰাৰ যদি গলিয়া ধৰে ঢিল গালে টান কৰি ধৰিব, যদি নমৰে ঢিল গালে ভৰি দিব, যদি তেও নেৰে ঘা লগাব, ঘা শুকালে গেৰু বান্ধিব, তেও যদি নেৰে মুখ গধুৰ হই পাঁচ ঠেঙ্গত বান্ধিব ইফালৰ গালত লগাব। যদি এগলিয়া নমৰে এফালে লগাব, যদি দুয়োফালে হই দুয়োফালে লগাব।

 যদি মুখ জোকৰা কৰে, হিয়াৰ বান্ধ জুৰি বহিব বাঘজৰিত নিৰহ কৰি খান্দি ধৰিব, মুখ যদি বলিয়া হেনে থাকে নখ নেপোৱাকৈ কিছু টানি দিব, মুখ চাউনি নমায় দিব, নখ নলব। যদি মুখ গধুৰ হই অল্প কৰি ঘা লগাব হাতত সৰহ কৰি জনাব। যদি মুখ মুকলি থাকে হায়োফনি নমায় দিব, মুখ চাউনি নমায় দি হিয়াৰ বান্ধ চুটি কৰিব, বাঘজৰিত ধৰো নধৰিব, ঘোৰ কৰি লব, কেকুৰি থাকে যদি বাঘজৰি পঢ়িকৈ জনাব তেবে চক ভাগিল, যদি গোপেৰে থাকে, তাক ভাঙ্গন কঠিন, মুখ মেলিব নোৱৰাকৈ থোটজৰি লগাব, চাৱনি ঠেক কৰিব হাত জুৰি কৰিব এতেকে এৰিব। যদি মুখ মুকলি কৰি জাই তাক বোকনিৰ কনাৰি ঠেক কৰিব তেবে মুখ জপাই, তাৰ হিয়াৰ বান্ধ জুৰি ধৰিব, হাততো বান্ধি ধৰিব। জাৰ দপনা মুকলি কৰি নুফুৰে, তাত হুহকি বহিব, হাততো জনাব। জাৰ আগুলাই থাকে তাত নগৰা লগাব, তেও যদি নেৰে টাবত পাঞ্চজৰি মেৰাব টান কৰি পাচে এৰে, নেৰে যদি আগুলা অন্তৰ নহই মুখত ঘা লগাব তেবে অল্প দিনে বাৰু হই। যদি কোচোৱা হই তাৰ তলচাৰ তলত কুমলিয়া বাহৰ চেকনি একহালৈমান মোতোকাই দিব হাততো জনাই জাব এতেকে মুকলি হব।