পৃষ্ঠা:ঘোৰা নিদান.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

10




পখৰা।

 পখৰাৰ কলা সৰহ হলে বগা, পখৰা সৰহ হলে ভাল। পখৰা যদি ৰঙ্গা কাচিত হই তাতো কথা থাকে। যেই কি পখৰা নহক, পখৰাৰ ছাল ৰঙ্গা হলে ভাল, সেতা হলে বয়া। পখৰাৰ জদি কলা লোম ঢাকি শুকিলা লোম বাঢ়ি গজে তাৰে মন টটাটিঙ্গা হই। পখৰাৰ নাকৰ ফোট বহল হব সি আগলৈ মানুহ খোৱা হই। পখৰাৰ টিকাত ফোট হলে খং ৰং নহই, যদি তেও কৰি থাকে সালত সিও মানুহ খাই। কোখত যদি ফোট থাকে সি গোচৰঙ্গা হই, ঘোৰাটো যদি সিওৰ মন চলা হই সেই ঘোৰাটো চেলেং। ফোট যদি বোই পৰে, দুয়ো ওঠত পখৰা থাকে সি আগহলাত ধাকুৰে পাচলৈ এৰে। বাম চক্ষু যদি উসসা হই তাক ৰাউতে ৰাখিব পাৰে। পখৰা হই ডহা হক সিও কি নকৰিব। কাণ, পখৰা হলে দুষ্ট হই।


 বগ পখৰা হলে ভাল, কিঞ্চিৎ চঙ্ক।

 বামনা পখৰা হলে ভাল তাৰে কান পখৰা, টোটোলা ওলোম', ঠেঙ্গ ডাঙ্গৰ এনে হলে পাচলৈ অনাৰি কৰে।

 কেকু পখৰাও ভাল।

 কুকুৰ পখৰা বয়া।

 লক্ষণেৰে হলে পহি পখৰা ভাল।

 ফুলাম পখৰাও ভাল।

 বাঘ পখৰাও বয়া।

 চাবুৱা পখৰা টাকি, সেয়ে বামুনা হলে ভাল।

 যদি ডহা পখৰা হয় তাতে কথা থাকে, কিন্তু পলমেহে হই সোহা ৰাউতে বিচাৰি পাব।