পৃষ্ঠা:ঘোষাৰত্ন.djvu/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭২)


মন্ত্ৰে যুক্ত ঘৃত যেন,   মুনি সবে হোম কৰে,
  অগ্নিত প্ৰবেশ হুয়া ৰয়॥৩২৬
যৈতে তৈতে বসি যিতো,   কৃষ্ণ নাম উচ্চাৰয়,
  সৰ্ব্ব পাপে মুকুত হোৱয়।
পাপ তেজি শুদ্ধ হুয়া,   কৃষ্ণক মনত স্মৰি,
  তাহান স্বৰূপ পায়া ৰয়॥৩২৭
কলি যুগে কৃষ্ণ নাম,   জপে যিতো অবিশ্ৰাম,
  তাৰো যমদণ্ডে নাহি ভয়।
যাতনাকো নেদেখয়,  দূতকো নকৰে ভয়,
  দেহ তেজি মুকুতি পাবয়॥৩২৮
কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি,   মোক স্মৰে যিতো সদা,
  নৰকত হন্তে তাক মঞি।
কৰোহোঁ উদ্ধাৰ যেন,   জলক ভেদিয়া পদ্ম,
  পঙ্ক তেজি সুগন্ধ হোৱয়॥৩২৯
যত যত তীৰ্থচয়,   মহীতলে প্ৰকাশয়,
  সেবকক পবিত্ৰ কৰয়।
কৃষ্ণ নাম কীৰ্ত্তনৰ,   তাৰা সবে তুল্য নয়,
  এতেকেসে নাম আতিশয়॥৩৩০
সত্যে কহো বিত্ত মই,   গোপ্য ইতো আতিশয়,
  মোৰ কৃষ্ণ নাম সাৰে সাৰ।