পৃষ্ঠা:ঘোষাৰত্ন.djvu/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬৬)

দেবতাৰ শক্তি জানি,   দেবে সমে টানাটানি,
  আপুনাৰ নামে হৰি থৈলা।
যিতো শক্তি পাপচয়,   পুৰুষৰ কৰে ক্ষয়,
 দেবতা নামৰ তলে ৰৈলা॥৩০০
চৈতন্য হৰিৰ নাম,   একবাৰ উচ্চাৰয়,
  যিতো জনে কায়বাক্যমনে।
তাহাৰ ফলৰ অন্ত,   ব্ৰহ্মা কৈবে নপাৰন্ত,
  অনন্তেও সহস্ৰ বদনে॥৩০১
মহা পাপে যুক্ত হুই,   অহৰ্নিশে হৰি বুলি,
  চিত্ত শুদ্ধ কৰে আপুনাৰ।
তাহাৰ শাৰীক লৈয়া,   যাৰা সবে বসি থাকে,
 তাকো শুদ্ধ কৰে সাৰে সাৰ॥৩২
ৰাজ দ্ৰোহ মিত্ৰ দ্ৰোহ,   আন দ্ৰোহ আচৰিয়া,
  যিতো পাপী থাকে মহীতলে।
পবিত্ৰ হোৱয় সিতো,   ধন্য বুলি তাকে কয়,
  হৰিনাম উচ্চাৰণ বলে॥৩০৩
মুমুক্ষু সকামী জ্ঞানী,   তিনিৰো সাধন ইতো,
  ফলে জানা এহিসে নিশ্চয়।
হৰিৰ নামক যাৰা,   কীৰ্ত্তন কৰয় ৰাজা,
 ফল বুলি মহন্তে কহয়॥৩০৪