পৃষ্ঠা:ঘোষাৰত্ন.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

“জয় জয় কৃষ্ণ দামোদৰ,   তুমি কল্পতৰু ভকতৰ,
  শৰণ পশিলোঁ তজু পাদপদ্মে আমি।
হৃদয়কমলে পদ থৱা   মোক দাস বুলি লেখি লৱা,
  সত্যে সত্যে তজু দাস ভৈলোঁ আমি স্বামী॥১
সত্যশুদ্ধশান্ত বিপ্ৰতনু,   গোৰপাপহৰ দেখাই পুনু,
  জীৱৰ স্বৰূপ দেখাইলা মহাযতনে।
হেন তনু চিন্তা নিৰন্তৰে,   মহাসুখদায় জগতৰে,
  তজু গুণনাম গাইবোঁ কায়বাক্যমনে॥২”

 তলত লিখা সংস্কৃত শ্লোকটিৰে পুথিৰ সামৰণি মাৰিছে:-

“দামোদৰং প্ৰপন্যেচহং কৰুণানন্দসাগৰম।
নিৰ্ম্মিতা কবিৰত্নেন ঘোষাৰত্ন প্ৰৱৰ্ত্তিকা॥”

 এঠাইত লিখিছে :-

“দেৱদামোদৰশুদ্ধমত,   কহিলন্ত লোক অবিৰত,
  যাৰ মত মানি পণ্ডিতবাহ্মণচয়।
কৃষ্ণপাদপদ্মে ভজিলন্ত,   স্থানে স্থানে সত্ৰ পাতিলন্ত,
  যাহাৰ যশস্যা ব্ৰহ্মাণ্ড ভেদি ৰহয়।”২৮

 আন এঠাইত লিখিছে :-

“দেৱ দামোদৰ গুৰু।   সুবৰ্ণৰ ভৈলা মেৰু॥।
পূৰ্ব্বদিশে বংশীদেৱ। সদা যাক কৰে সেৱ।”৮১৬

 এই দৰে পুথিৰ অনেক ঠাইৰপৰা পদ তুলি দেখুৱাব পাৰি যে ৺দামোদৰ দেৱেই ৺গোপাল মিশ্ৰৰ গুৰু আছিল। ইয়াত বাজে কিন্তু এই পুথিৰ পৰা ৺গোপাল মিশ্ৰ সম্বন্ধে আন একো কথা জানিব পৰা নাযাই। আগৰ দিনৰ বৈষ্ণৱ কবিসকলে তেওঁবিলাকে কৰা পুথিবিলাকত