গুৰুপত্নী হৰে নাৰী বধে,
ৰাজবধে মহা দ্ৰোহ সাধে,
আপোনাৰ পিতৃমাতৃক মাৰি ৰহয়॥২৩৮
আনো যত মহা পাপীচয়,
নৰকক যাইবে সাজিচয়,
সমস্ত পাপীৰ ইতো মহা প্ৰায়শ্চিত্ত।
বিষ্ণুৰ নামক যিতো গাৱে,
পাপ সমুদ্ৰৰ পাৰ পাৱে,
অজামিলে ইতো প্ৰমাণ মহা বিদিত॥২৩৯
পদ্মপুৰাণত কহিচয়,
নামে যত পাপ কৰে ক্ষয়,
অভক্ষ্য ভক্ষণ অগম্যা গমন কৰে।
ইতো গোবিন্দৰ নামগাই,
পাপক্ষয় কৰে সমুদাই,
পাপক নাশিয়া ভক্তি কৰি ভব তৰে॥২৪০
সুবৰ্ণক হৰে যিতো জন,
সুৰা পান কৰে অনুক্ষণ,
গুৰুপত্নী হৰি মহাপাপ আচৰয়।
হেন সবো যদি গাৱে নাম,
গোবিন্দ গোপাল অনুপাম,
তাৰা সবে মহা পাপক কৰয় ক্ষয়॥২৪১
অগ্নিপুৰাণতো কহিচন্ত,
নামে যিতো পাপ সংহৰন্ত,
ব্ৰাহ্মণৰ বিত্ত যিতো পাপী কৰে হানি।
প্ৰমাদত কৰে সুৰা পান,
তাৰ প্ৰায়শ্চিত্ত নাহি আন,
গোবিন্দ কীৰ্ত্তনে পাপ নাশ কৰে জানি॥২৪২
বায়ুপুৰাণত নাৰদৰ,
আগে কহি আছা যোগেশ্বৰ,
নাৰীক বধয় বিপ্ৰৰ বিত্তক হৰে।
পৃষ্ঠা:ঘোষাৰত্ন.djvu/৭৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে