পৃষ্ঠা:ঘোষাৰত্ন.djvu/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।


 ঘোষাৰত্নৰ প্ৰকাশক, নগাৱঁৰ পৱলিক লাইব্ৰেৰীৰ লাইব্ৰেৰায়ান শ্ৰীযুত আনন্দৰাম ভট্টাচাৰ্য্য মোৰ এজন বাল্যবন্ধু। তেওঁৰ বিশেষ অনুৰোধ এৰাব নোৱাৰি, মই এই কিতাপৰ পাতনি লিখিবলৈ যদিবাও গাত লৈছিলোঁ, এতিয়া তাক লিখিবলৈ হাততলৈ দেখিলো যে, মই এই ভাৰ গাত নোলোৱাহেতেন ভাল আছিল , কিয়নো এনে এখন বৈষ্ণৱ-ধৰ্ম্ম বিষয়ক উচ্চ ভাবৰ কিতাপৰ পাতনি লিখা, এজন বৈষ্ণৱ শাস্ত্ৰ বিশেষ পাৰদৰ্শী একান্ত বৈষ্ণৱৰহে উপযুক্ত কাম। মোৰ নিচিনা মানুহৰ পক্ষে ই অনধিকাৰচৰ্চ্চা যেনহে লাগিছে। বিশেষতঃ এনেকুৱা এখন সাৰ কিতাপৰ পাতনি লিখিবলৈ হলে, যিমান পঢ়া শুনা আৰু আলোচনাৰ আৱশ্যক তাৰ নিমিত্তে মোৰ অত্যন্ত আগ্ৰহ থাকিলেও, সম্প্ৰতি সময় নিতান্ত অভাব। তথাপি যে মই ঢোতে খৰ মাৰি এই পাতনি লিখিলো, সি কেৱল প্ৰকাশকৰ অনুৰোধ উপেক্ষা কৰিব নোৱৰা কাৰণেহে। তাকে চাই পাঠক সকলে যেন মোৰ ক্ৰটি মাৰ্জনা কৰিব, এই ভাৰসা।

 পাতনি লিখকৰ ঘাই কাম হৈছে পুথিখনিক সৰ্ব্বসাধাৰণৰ ওচৰত চিনাকী কৰি দিয়া। এই পুথিখনিৰ লগত কিন্তু মোৰ নিজৰে পৰিচয় বহুত দিনীয়া নহয়। আৱশ্যে সেইটো পুথিৰ দোষ নহয়, মোৰহে দোষ। অসমীয়া সাহিত্যত পুৰণি পুথিৰ সংখ্যা ইমান বেছি আৰু সেই বিষয়ে অনুসন্ধান কৰিবলৈ আমাৰ দেশত আনৰ পৰা সাহায্য পোৱা