প্ৰাণীৰ যেমত অন্নে প্ৰাণ,
আত্মাৰো তেমতে মঞি ত্ৰাণ,
ধৰ্ম্মে যেন পৰলোকৰ বিত্ত হোৱয়।
সেহিমতে সন্তে সংসাৰত,
জীবৰ সংসাৰ অভিমত
সংসাৰত ভয়ে আশ্ৰয় যিতো লৱয়॥২৩
সগুণ নিৰ্গুণ জ্ঞানচয়,
সন্তে বদ্ধ চক্ষু প্ৰকাশয়,
সূৰ্য্যে আকাশত উঠি একচক্ষু দেন্ত।
এতেকে দেবতা সন্তে মাত্ৰ,
বান্ধবৰো জানা সন্তে পাত্ৰ,
ময়ো সন্ত সঙ্গে বশ্য কৰি মোক নেন্ত॥২৪
এতেকে উদ্ধৱ সাধু সঙ্গ,
গুহ্যতম কৰে ভয় ভঙ্গ,
সন্ত বিনা মোৰ বান্ধৱ নাহিকে আন।
তুমি সাধু সঙ্গ সদা লৈয়া,
মহামোহ পাশ দূৰে থৈয়া,
তোমাত কহিলো তুমি যাতো মোৰ প্ৰাণ ২০৫॥
নৃসিংহৰ পাদপদ্মে ধৰি,
প্ৰহলাদে বোলন্ত দেব হৰি,
বিষয়ী জনৰ ধন জন আয়ুযশ।
বিভব ইন্দ্ৰিয় সুখ যত,
সবে মিচাজানা অসাম্বত,
ব্ৰহ্মলোক আদি সমস্তে কালৰ বশ॥২০৬
তোমাৰ কটাক্ষে নষ্ট হবে,
মায়া আপুনাত লুকাই থৱে,
এতেকে আমাক নেদিবা ইহাক স্বামি।
তজু নিজ দাস নাৰদৰ,
সঙ্গ মোক দিয়া দেববৰ,
নাৰদৰ কৃপা পাসৰিবো কেনে আমি ২০৭॥
পৃষ্ঠা:ঘোষাৰত্ন.djvu/৬৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫