হেনয় সাধুৰ সন্নিধান,
যিতো লৱে সখি বিদ্যমান,
তাহাক জানিবা অযত্নে মোক পাৱয়।
মোৰ কথা তাসম্বাৰ সঙ্গে,
শুনিয়া থাকয় মহাৰঙ্গে,
পাপ নাশ ভৈলে আপুনি বোধ পাৱয়॥১৯৮
কথামৃত শুনে সিতো জনে,
কীৰ্তন কৰয় অনুক্ষণে,
কথা ৰস পায়া প্ৰশংসা আতি কৰয়।
মোক শ্ৰেষ্ঠ দেব মানে মনে,
শ্ৰদ্ধা ভাবে মোৰ কথা শুনে,
সিতো জনে মোৰ ভকতি কৰে নিশ্চয়॥১৯৯
ভকতি লভিলে যিতো জন,
তাৰ বিষয়ত নাহি মন,
মোত মাত্ৰ ৰতি সততে কৰি ৰহয়।
ত্ৰৈলোক্যত তাৰ কথা শেষ,
নাহিকয় কিছো লয়লেশ,
সন্ত সঙ্গ বলে অচলা ভক্তি পাৱেয়।। ২০০
অগ্নি সেবা কৰে যিতোজন,
তাৰ শীত হৰে তেতিক্ষণ,
ভয় অন্ধকাৰ পাচে যেন হৰে তাৰ।
সেহি মতে সাধু সঙ্গ পাই,
কৰ্ম্মদ্বাৰ নাশে সমুদাই,
সংসাৰৰ ভয় গুচে ঘোৰ অন্ধকাৰ॥২১
সংসাৰ সাগৰে তল যাই,
নীচ যোনী ফুৰে সমুদাই,
কোন বেলা সিতো উত্তম যোনী ভ্ৰময়।
তাসম্বাকো তাৰে সন্তে পাই,
যেন জলে যিতো তল যাই,
নৌকায়ে তাহাৰ পৰম হয় আশ্ৰয়॥২০২
পৃষ্ঠা:ঘোষাৰত্ন.djvu/৬৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৪)