সন্তৰ সঙ্গত কথামৃত,
সমস্তৰে সাধে মহাহিত,
হৃদয় কৰ্ণৰ আনন্দ দেই পৰম।
তাক শুনে যিতো শুভাশয়,
অবিদ্যা নিবৃত্তি তাৰ হয়,
শ্ৰদ্ধা ৰতি ভক্তি হৰিত হৱে উত্তম॥১৯৩
তীৰ্থ আছে যত জলময়,
শীলা মৃত্তিকাৰ দেবচয়,
তাৰা সেবকক চিৰকালেশুদ্ধি কৰে।
সাধু সবে তাৰে দৰশনে,
পাপ নাশ কৰে তেতিক্ষণে,
এতেকে সাধুক দৰশনে জীব তৰে॥১৯৪
বৈষ্ণৱৰ সঙ্গ লৱে মাত্ৰ,
সমস্ত সুখৰো হৱে পাত্ৰ,
তাৰ সম আমি নেদেখো স্বৰ্গৰ সুখ।
মুকুতি নমানু সম কৰি,
আন কোন সুখ হৈবে সৰি,
বিষয়ীৰ সুখ যি হেতু পৰম দুখ॥১৯৫
অসন্তৰ সঙ্গ তেজি দূৰে,
সাধু সঙ্গ লোৱা মন পুৰে,
মনুষ্যৰ মধ্যে যিতো বুদ্ধিমন্ত নৰ।
তাৰা হিত উপদেশ দেই,
মনৰ সংশয় দূৰে নেই,
এতেকে সন্তক তীৰ্থ নুহি সমসৰ॥১৯৬
অপেক্ষা ৰহিত সাধুগণ,
তাৰাৰ সদায়ে মোতে মন,
ৰাগাদি ৰহিত সমস্ততে সম মতি।
অহঙ্কাৰ মমকাৰ হীন,
সুখে দুখে তাৰা উদাসীন,
পৰিগ্ৰহ তেজি কৰয় মোৰ ভকতি॥১৯৭
পৃষ্ঠা:ঘোষাৰত্ন.djvu/৬৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৩)