বৃন্দাবনে মোক লাগ পাই,
যিতো ৰাত্ৰ নিলা ক্ষণ প্ৰাই,
সিতো ৰাত্ৰি পাচে এক যুগ প্ৰায় ভৈলা।
যাতো মোক নপাইলেক লাগ,
প্ৰেমভাবে বঢ়াই অনুৰাগ,
সাধু সঙ্গ বলে মোক পায়া সবে ৰৈলা॥১৮৮
কামে মোক ভজি গোপীগণ,
উপপতি মানি অনুক্ষণ,
আমাৰ স্বৰূপ তাৰ সবো নজানিলা।
তথাপি সন্তৰ সঙ্গবলে,
মোক পাইলে সখি অবিকলে,
আনু অসংখ্যাত জীব সবো নিস্তাৰিলা॥১৮৯
এতেকে উদ্ধব সাধু সঙ্গ,
মহা শ্ৰেষ্ঠ কৰে ভয় ভদ,
তুমিয়ো সন্তৰ সঙ্গ লোৱা মোক ভজা।
বিধি নিষেধক পৰিহৰি,
পূণ্য পাপ আশা দূৰ কৰি,
কৰ্মৰো যি কিছে ফলক শুনিছা তেজা॥১৯০।
যি কিছো শুনিবা কৰ্ম্মফল,
তাকো তেজা তুমি মহাবল,
আমাত কেৱলে শৰণ লয়োক মাত্ৰ।
সমস্তৰে আত্মা মোক জানা,
সৰ্ব্বভাবে সখি মোক মানা,
আমাৰ প্ৰসাদে ভকতিৰ হৈবা পাত্ৰ॥১৯১
সন্ত সঙ্গে জানা মোৰ সঙ্গ,
যি হেতু কয় ভয় ভঙ্গ,
সন্তৰ আমাৰ তিলেকো নাহি অন্তৰ।
সন্তৰ বিশ্বাসে মোক পাৱে,
মোক পায়া সন্তসঙ্গে ধাৱে,
একে দুয়ো জানা সখি দৃঢ়ত্তৰ॥১৯২
পৃষ্ঠা:ঘোষাৰত্ন.djvu/৬৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪২)