সন্ত সঙ্গ বিনা আন নাই,
তাৰাৰ সাধন সমুদাই,
বেদক পঢ়িবে নলৈলা গুৰু সঙ্গতি।
ব্ৰত তপ তাৰা নাচৰিলা,
কেবলে আমাত মন দিলা,
তথাপিতো তাৰা মোক পাইলা প্ৰতি প্ৰতি॥১৮৩
বৃত্ৰাদিৰ পূৰ্ব্ব পুণ্য হোক,
যি হেতু লাভিলে মোৰ লোক,
গোপী প্ৰতৃতিৰ পূৰ্ব্ব পুণ্য নাহিকয়।
কেবলে আমাত প্ৰেম কৰি,
আমাৰ লাৱণ্য রূপ স্মৰি,
আমাক পাইলেক ইতো সখি সত্য হয়॥১৮৪
যোগ সাংখ্য দান ব্ৰত তপ,
স্বাধ্যায় সন্ন্যাস মন্ত্ৰ জপ,
এতেক আচৰি যজ্ঞে মোক নপাৱয়।
ইসব বৈষ্ণৱ সাধু সঙ্গে,
লভিলেক মোক মহাৰঙ্গে,
বৈষ্ণৱৰ সঙ্গ এতেকে দুৰ্ল্লভ হয়॥১৮৫
গোপীৰ ভকতি পুনৰ্ব্বাৰ,
কহে শুনা সখি সাৰে সাৰ,
অক্ৰুৰে লৈ যান্ত ৰামে সমে মথুৰাক।
মোত বিনা পতি পুত্ৰ সুখ,
মানিলেক মনে মহা দুখ,
মোত অনুৰাগে মগ্ন ভৈল গোপী ঝাক॥১৮৬
আমাৰ বিৰহে ব্যাধি ভৈলা,
গোপী প্ৰেম ৰসে তল গৈলা,
শৰীৰত জ্ঞান নাহিকয় তাসম্বাৰ।
মোক ৰাখো বুলি গৈলা ধাই,
লজ্জা ভয় তাসম্বাৰ নাই,
অক্ৰুৰে দেখিয়া বিস্ময় ভৈলা অপাৰ ১৮৭
পৃষ্ঠা:ঘোষাৰত্ন.djvu/৬৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪১)