যোগ সাংখ্য ধৰ্ম্ম দান তপ,
বেদ পাঠ ধৰ্ম্ম তীৰ্থ জপ,
একাদশী ব্ৰত ফপাৰা যমৰ ত্যাগ।
নিয়ম দেবতা পূজা যত,
সবে সত্য ইতো বেদ মত,
সবেও সন্তোষ কৰে ইতো মহাভাগ॥১৭৮
সাধু সঙ্গে মোক যেন মতে,
বশ্য কৰি থৱে অবিৰতে,
যোগাদি তেমত কৰিব নপাৰে বশ।
সমস্ততে শ্ৰেষ্ঠ সাধু সঙ্গ,
আনৰো কৰয় ভয়ভঙ্গ,
জ্ঞান কৰ্ম্ম তেজি যশ গায়া পাৱে ৰস॥১৭৯
সাধু সঙ্গে মোক পালে সখি,
তাসম্বাক কহো আমি লেখি,
দৈত্য যক্ষ ৰক্ষ পশু পক্ষী পালে পাল।
গন্ধৰ্ব্ব চাৰণ সিদ্ধ নাগ,
অপেস্বৰা আদি মহাভাগ,
মমুষ্যৰ মধ্যে কতো পাইল তত্ত কাল॥১৮০
বৈশ্য শূদ্ৰ নাৰী অন্ত্যজাতি,
ৰজো তমো গুণে যুক্ত আতি,
যুগে যুগে তাৰা স্বরূপ মোৰ পাৱয়।
কৰ্ম্ম কৰিবাৰ নুহি পাত্ৰ,
সন্তৰ সঙ্গতি লৱে মাত্ৰ,
মোত প্ৰেম ভাবে কেবলে গুণ গাৱয়॥১৮১
বৃষপৰ্ব্বা বলি বৃত্ৰ বান,
প্ৰহলাদ সুগ্ৰীব হনুমান,
বিভীষণ ব্যাধ জটায়ু কংসৰ কুজি।
আৰু মোৰ প্ৰিয় গোপীগণ,
বিপপত্নী মোত দিয়া মন,
অনুৰাগে পাইলে আমাৰ স্বৰূপ বুজি॥১৮২
পৃষ্ঠা:ঘোষাৰত্ন.djvu/৬৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪০)