পৃষ্ঠা:ঘোষাৰত্ন.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এখনি পাতনি লিখি দিয়াত, মই তেখেতৰ ওচৰত কৃতজ্ঞ থাকিলোঁ; তেখেতৰ পাতনিৰ পৰা ৰাইজে এই পুথিৰ ৰচনাকাৰক ৺গোপাল মিশ্ৰ সম্বন্ধে আৰু এই পুথিৰ সাৰবত্ত্বা সম্বন্ধে সকলো কথা জানিব পাৰিব।

 পৰিশেষত ৰাইজৰ ওচৰত মোৰ এইয়ে সৰল গোহাৰি, যেন সকলোৱে পুথিখনিৰ একো খনি লৈ মোৰ উৎসাহ বঢ়াই আৰু জাতীয় সাহিত্যৰ উন্নতি সাধন কৰে। সকলোৱে কিনিব পৰাকৈ পুথিখনিৰ মূল্য নিচেই কমকৈ ধৰা হৈছে। শিক্ষিত অসমীয়াই পুথিখনিক আদৰেৰে গ্ৰহণ কৰিলে মোৰ পৰিশ্ৰম সাৰ্থক হল বুলি ভাবিম। বিদেশত ছপা হোৱা বাবে পুথি খনিত যি ভূল থাকি গল তাক সহৃদয় পাঠকসকলে যেন ক্ষমা কৰিব, এই প্ৰাৰ্থনা।

নিবেদক  
শ্ৰীআনন্দৰাম ভট্টাচাৰ্য্য।