এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩২)
নাম সত্য সন্ত সত্য কৱে, বৈকুণ্ঠক সত্য মনে লৱে,
বৈকুণ্ঠনাথক সত্যদেৱ মাত্ৰ মানে।
চৰাচৰময জগতত, ঈশ্বৰক দেখে সমস্তত,
এতেকে জগত ঈশ্বৰ স্বরূপ মানে॥১৪৩
উত্তম মনন নাম আৰ, সংসাৰ সাগৰে কৰে পাৰ
যি হেতু জড়ক চৈতন্য বুলিয়া মানে॥১৪৪
অধ্যাপন।
যাৱত কৃষ্ণৰ কথা শুনে, কথাৰ অৰ্থক মনে গুণে,
ভাৰত কথাৰ অৰ্থত মন ৰহয়।
পাচে শিক্ষা দিবে নপাৰয় যি হেতু মনত নৰহয়,
ইহাক প্ৰাকৃত অধ্যাপন বুলি কয়॥১৪৫
গোবিন্দৰ কথা লীলা শুনি, আপুনি আনন্দ পাৱে গুণি,
তাৰ মন মজে ৰমে কথা সমুদ্ৰত।
আনকো শিখাৱে কথাচয়, কথা সত্য বুলি বখানয়,
অধ্যাপন আক মধ্যম বোলে সতত॥১৪৬
কৃষ্ণ কথা কহে সাধু সঙ্গে, পৰকো বুজাৱে মহাৰঙ্গে,
হৰিৰ কীৰ্ত্তন ৰসে মন নেই টানি।