পৃষ্ঠা:ঘোষাৰত্ন.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০)

আপুনাক ব্যাসে,  আপুনি দুষিলা,
 নভৈলা চিত্ত সন্তোষ।
সেহি সময়ত,  নাৰদ আসিলা,
 বীণাত কৰিয়া প্ৰোষ॥৩৯
তাঙ্ক প্ৰবোধিয়া,  উপদেশ দিলা,
 ভকতি মাত্ৰ দেখাই।
ব্যাসো পাইলা বোধ,  ভৈল চিত্ত শোধ,
 কৃষ্ণৰ ভকতি পাই॥৪০
তান উপদেশ,  ভাগৱত শাস্ত্ৰ,
 কৰিতে ব্যাসে আৰম্ভ।
হৰিৰ চৰণ,   মঙ্গল আচৰি,
 পাতিলন্ত পূৰ্ণ কুম্ভ॥ ৪১
ব্যাস মহাঋষি, নাৰদত হন্তে
 পাইলা উপদেশ সাৰ।
শিষ্যে সমে বসি,  পৰম আনন্দে,
 কৰিলা ব্ৰহ্ম বিচাৰ॥ ৪২
শুনা শিষ্য চয়,  তেজিয়ো সংশয়,
 সত্য বস্তু ভগৱন্ত।
তাঙ্কে কৰো ধ্যান,  তোৰা সবো তাঙ্ক
 ধ্যান কৰা অপৰ্য্যন্ত॥ ৪৩