এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২
ৰামৰাম দেৱ যাৰ সঙ্গ, মনে পায়া জিতো মহাৰাণ
নামৰ কীৰ্ত্তনে পৰম সন্তোষ ভৈলা।
জীৱৰ সংসাৰ দূৰ কৰি, নাম মাত্ৰ গাইলা মুখ ভৰি
ৰাম ৰাম নাম উচ্ছোৰি সততে ৰৈল॥৪
শ্ৰীমন্ত মাধৱ নাম ধৰি, বিষয় সুখক পৰিহৰি
কৃষ্ণযশৰস কৰিলা যিতো বিস্তাৰ।
দামোদৰ মত অনুসৰি, মুখে গোবিন্দৰ নাম ধৰি
সান্ত হৰিনাম বখানিলা সাৰে সাৰ॥ ৫
মঞি মহামন্দ সেৱাচোৰ, নতোৰিলো ইতো ভৱ ঘোৰ
তোৰা সবে মোক কৃপা কৰা যেন যোগ্য।
কৃতাঞ্জলি কৰোঁ মঞি মাত্ৰ, কিন্তু ভকতিৰ নাহোঁ পাত্ৰ
বিষয়ৰ সুখ কৰোঁ সদা মাত্ৰ তোগ ॥৬
তোৰা সবে মোক কৃপা কৰা, মোক মোৰ বুলি মনে ধৰা,
আজ্ঞা দিয়া কিছু ৰচোঁ কথা গোবিন্দৰ।
তোৰা সবে পথ দেখাই থৈলা, কত মহাজনে তাকে লৈলা
আমি তাসম্বাৰ নুহিকহোঁ পটন্তৰ॥৭
কিন্তু সিংহে আকাশক চাই, কৃষ্ণ মেঘ দেখি ৰঙ্গ পাই,
মেঘৰ পাছত হুঙ্কাৰ কৰি গৰ্জয়॥* ৮
- এই খিনিত মূল পুথিত দুই নাৰী নাই।