পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫৬)

কহয় গোপাল, মিশ্ৰে মুখভৰি,
 ডাকি বোলা ৰাম ৰাম॥ ৮০৫

দেৱ দামোদৰ।

ঝুমুৰি।

জয় দামোদৰ দেৱ।
কৰো কোটী কৌটা সেৱ॥
সন্তৰূপে অৱতাৰ।
যিতো ভৈলা সাৰে সাৰ॥ ৮০৬
পূৰ্ব্বে কৃষ্ণ নাম ধৰি।
যশস্যা থৈলন্ত ভৰি॥
তাক শুনো বুলি আসি।
নিজৰূপ পৰকাশি॥ ৮০৭
শুনিলন্ত গুণ গ্ৰাম।
তেজি বিষয়ৰ কাম॥
প্ৰেমে পুলকিত কায়৷
লোটক বহিয়া যায়॥ ৮০৮
বাক্য কৰে গদ গদ।
প্ৰবোধন্ত সভাসদ॥