দুই দলৰ মানুহৰ পুথিত পৰস্পৰৰ প্ৰতি কটু উক্তি দেখিবলৈ পোৱা যায়। আন কি মাধৱদেৱৰ নামঘোষাৰ নিচিনা এখন পুথিও এই দোষৰ পৰা মুক্ত নহয়। মাধৱদেৱে তলত লিখা ঘোষা কেইটা লেখোতে যে দামোদৰ দেৱকে লক্ষ্য কৰি লিখিছিল, তাৰ অলপো ভুল নাই।
“শঙ্কৰে সে শুদ্ধ মত, ঈশ্বৰ ভক্তিৰ পথ,
প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি।
ইহাক নজানি নৰে, জীবিকাৰ অৰ্থে ফুৰে,
আপোনাৰ মহত্ব বখানি॥৫৩
শঙ্কৰে সংশয় ছেদি, শাস্ত্ৰৰ তত্ত্বক ভেদি,
প্ৰচাৰিল কৃষ্ণৰ ভকতি।
তাক এড়ি কি কাৰণে, আনক বোলয় গুৰু,
কিনো লোক মহা মূঢ়মতি॥৫৪
নাজানে শাস্ত্ৰৰ নয়, যেহি আসে তাকে কয়,
ছেদিবাক নপাৰে শংসয়।
গুৰু বোলাই তথাপিতো, ফুৰিয়া লোকৰ মাজে,
মান্য শতকাৰ খুজি লয়॥”৫৫
আকৌ লিখিছে,
“ৰজা প্ৰজা জানি লেক ভক্তি পথ,
শঙ্কৰৰ মত শুদ্ধ।
সিতো মত লাৰি, আন আচৰয়,
পৰম সিতো মুগুধ॥”২৯১
ওপৰত লিখা কথাৰ পৰা স্পষ্টকৈ বুজিব পাৰি যে ঘোষাৰত্ন ১৪৯০ শকৰ আগেয়েই লিখা আৰু মাধৱদেৱৰ নামঘোষা ১৪৯০শকৰ পাচত