পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩৮)

মন্বাদিৰ মুখে ধৰ্ম্ম কৈলোঁ,  ব্যবহাৰধৰ্ম্ম থাপি খৈলোঁ,
 নিজ মুখে আক কহিলো নিৰ্গুণ চাই॥৭১৮
ব্ৰহ্মা বৃন্দাবনে স্তুতি কৰি,  কৃষ্ণ পদৰেণু শিৰে ধৰি,
 ব্ৰজৰ ভাগ্যক বৰ্ণাইলন্ত চাৰি মুখে।
কিনু ভাগ্য কিন্তু ভাগ্য দেখা,  কোনে কহিবেক আৰ লেখ
 ইতো ব্ৰজবাসী তৰিলে সংসাৰ সুখে॥৭১৯
যাৰ মিত্ৰ ভৈলা ব্ৰহ্মে আসি,  কৃষ্ণ হেন নাম পৰকাশি
 পৰম আনন্দ সত্য শুদ্ধ সনাতন।
আন মিত্ৰসম নুহিকয়,  যিহেতু বিয়োগ নঘটয়
 হেন কৃষ্ণে ভৈলা ব্ৰজৰ যিতো জীবন॥৭২০
ঋষভ কৃষ্ণৰ অৱতাৰ,  পুত্ৰক বুজান্ত সাৰে সাৰ
 কৃষ্ণত সখিত্ব দেখাইবাৰ দেখা ফল।
শুনা পুত্ৰগণ বাক্য মোৰ,  মন ভৈল ইতো বৰচোৰ
 আক জিনিবাক আছে এক মহা ছল॥ ৭২১
যি মতে সংসাৰ উপজয়,  হেনয় কৰ্ম্মক কৰাৱয়
 অবিদ্যাৰ বলে পৰম দুৰ্জ্জন মনে।
মঞি বাসুদেবে সখ্য যাবে,  নকৰয় তাৱে সৰ্ব্বভাৱে
 দেহৰ সম্বন্ধ নেতেজে তাক যতনে॥ ৭২২