অগ্নিত হোবন কৰা ঘৃত, তপস্যা আচৰা যিতো হিত,
সমস্তে কৰিয়ো মোত যত্নে নিবেদন॥৭১৩
এহিমতে কৰি নিবেদন, কৰ্ম্মফল তেজি অনুক্ষণ,
পাপ পুণ্যে বঞ্চি হৈবাহা সখি মুকুত।
কৰ্ম্মযোগে চিত্ত শুদ্ধি কৰি, জ্ঞান পৰিপক্বে পৰিহৰি,
আমাক লভিবা ই পুনু শাস্ত্ৰ যুগুত॥৭১৪
গৰুড় পুৰাণে কহিচয়, পুৰুষে যি কৰ্ম্ম কৰি ৰয়,
পূৰ্ব্ব কৰ্ম্মবশে ভালমন্দ কদাচিত।
নাৰায়ণে পুনু সমৰ্পয়, পুণ্য পাপে পুনু নবান্ধয়,
ঈশ্বৰে অৰ্পিলে নুহি ইতো বিপৰিত॥৭১৫
যজ্ঞ যোগ উগ্ৰ তপ ব্ৰত, অগ্নিহোত্ৰ আদি বিধিবত,
পুৰুষ সবৰ বেদে কহি আছে বিধি।
অবিনাশী ফল সমস্তৰ, কৃষ্ণত অৰ্পিলে নুহি নাশ,
কৃষ্ণত অৰ্পিলে সমস্তৰে হোৱে সিদ্ধি ৭১৬
নিষ্কাম কৰ্ম্মৰ আৰম্ভৰ, অল্পোমাত্ৰ সখি নাহি নাশ,
প্ৰত্যবায় আত নাহিকয় কদাচিত।
এতেকে মনৰ সংশয়ক, তেজি ভজা সখি ঈশ্বৰক,
নিষ্কাম কৰ্ম্মেসে হৰিৰ তোষৰ ধিত॥৭১৭
নিষ্কাম কৰ্ম্মৰ নাহি হানী, উদ্ধৱ জানিবা নিষ্টবাণী,
আৰম্ভ মাত্ৰকে অণুমাত্ৰো নাশ নাই।
পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৬১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৩৭)