পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩১ )

গন্ধ পুষ্প ধূপ দীপচয়,  যদি কোনো থানে নপাৱয়,
 কেবল উদকে হৰিক যিত পূজয়॥
তথাপিতো দেন্ত নিজলোক, তাঙ্কঁ তেজি কেনে লভা শোক,
 গৰুড় পুৰাণে পাপীক যমে বোলয়॥৬৮৬
ধেনুৰ কৌটীক কৰি দান,  যিতো ফল পাৱে বিদ্যমান,
 সুবৰ্ণ কৌটীৰ দানে যিতো পাৱে ফল।
তাতো কোটী গুণ ফল পাবে,  কেশবক পূজি এক দিনে,
 দেখা সাধু সব কৃষ্ণৰ পূজাৰ বল॥ ৬৮৭
একপক্ষ পূজে যিতোজন,  নিষ্কামে কৃষ্ণত দিয়া মন,
 সিতো ভাগ্যৱন্তে কুলক কৰে নিস্তাৰ।
আপুনি হোৱয় সিতেো হৰি,  কৃষ্ণৰ পূজাক অনুসৰি,
 সন্দেহ নাহিকে জানা আক সাৰে সাৰ॥ ৬৮৮
কলিত কৃষ্ণক পৰীক্ষিত,  নুপূজিবে নৰে মানি হিত,
 পাষণ্ডৰ বাক্যে বুদ্ধি কৰিবেক হত।
ত্ৰৈলোক্যৰ নাথ ব্ৰহ্মা শিব,  আনু অসংখ্যাত শুদ্ধজীব,
 যাৰ পাদপদ্মে নমিয়া থাকা সতত॥ ৬৮৯
অনিবেদ বস্তু ভুঞ্জে যিতো,  প্ৰায়শ্চিত্ত যোগ্য হৱে সিতো,
 অনিবেদ বস্তু যিতো অপৱিত্ৰ হয়।
এতেকে বিষ্ণুত সমৰ্পিয়া,  সদায়ে ভুঞ্জোক ভক্ত সবে,
 ইহাৰ নিৰ্ণয় ব্ৰহ্মাণ্ড পূৰাণে কয়॥ ৬৯০