পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৶৹

 ইয়াৰ পৰা এটা কথা ভালকৈ দেখা যায় যে ৺গোপাল মিশ্ৰ দামোদৰ দেৱৰ দিনতে এজন প্ৰসিদ্ধ লোক আছিল। তেওঁ যে ৺ভট্টদেৱ আৰু ৺দামোদৰ দেৱৰ সমসাময়িক লোক আছিল তাকে ভালকৈ বুজিব পাৰি। খুদিয়া সত্ৰত অনুসন্ধান কৰি ৺গোপাল মিশ্ৰৰ বংশৰ তলত দিয়া পুৰুষনামা সংগ্ৰহ কৰা হৈছে। এই পুৰুষনামা মতে আজিলৈকে তেওঁৰ ১২ পুৰুষ হৈছে।

গোপাল মিশ্ৰ কবিৰত্ন।
ৰামপতি।
লক্ষ্মীপতি।
কৃষ্ণপতি।
পুৰ্ণানন্দ।
ৰামমিশ্ৰ।
নিমু।
কন্দলীদেউ।
মহীনাৰায়ণ।
হৰিদেৱ।
ৰামানন্দ দেৱ।
সন্তদেৱ।
ভগবান দেৱ।
হৰিদেৱ।
ধৰ্ম্মদেৱ।
জয়কৃষ্ণ দেৱ।
লক্ষ্মীৰাম দেৱ।[১]

  1. * লক্ষ্মীৰাম দেৱ ১৮৩০ শক জেঠ মাহত দেহত্যাগ কৰিছে।