পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২০ )


কীৰ্ত্তন।
লেচাড়ি।

এহি মাত্ৰ অবিনাশী ফল,   পুৰুষ হোৱয় নিৰিমল,
  তপস্যা দানৰ সুবুদ্ধি বেদ পাঠৰ।
জনমৰো ফল কৰি চয়,   এহিমাত্ৰ সদা নিৰূপয়,
  কৃষ্ণৰ কীৰ্ত্তন জগজন মনোহৰ॥৬৩৮
তাকে শিখা বাক্য শাস্ত্ৰে কৱে,   সিতো বাক্যে অসন্তক গাৱে,
  অধোক্ষজ দেব নকহে যিতো বাক্যত।
সেহি সুমঙ্গল সত্য হয়,   সেহি পুণ্যতম বাক্য চয়,
  কৃষ্ণৰ কীৰ্ত্তন কৰয় যিতো বাক্যত॥৬৩৯
সেহি ৰম্য সেহি ৰুচিকৰ,   সেহি নব নব সদা হৱে,
  সেহিসে মনৰ পৰম আনন্দ দেই।
শোক সাগৰক মনুষ্যৰ,   সেহিসে শোষন্ত নিৰন্তৰ,
  উত্তম শ্লোকৰ কীৰ্ত্তন যাক কহই।৬৪০
দান তপ যোগ আদি যত,   আনু পুণ্য আছে সংসাৰত,
  সমস্তৰে ফল, যাহাৰ নাম কীৰ্ত্তনে।
হেনয় পৰমানন্দ দেৱ,   তাঙ্ক নামে স্মৰা কৰা সেৱ,
  নৰসব তোৰা কৰা কায় বাক্য মনে॥৬৪১
কৃষ্ণৰ কীৰ্ত্তন চাৰিবিধ,   নামৰ কীৰ্ত্তন স্তুতি পাঠ,
  কথাৰ বাখ্যান কৃষ্ণৰ মঙ্গল গীত।