শ্ৰীদাম সুদাম আদি কৰি, প্ৰাকৃত সখিত্ব আছা ধৰি,
প্ৰাকৃত সখিত্বে কৃষ্ণক কান্ধে বহন্ত।
মধ্যম সখিত্বে ধনঞ্জয়, পৰিহাস বাণী উচ্চৰয়,
অপৰাধ কৰি কৃষ্ণ পাৱে পৰিলন্ত॥৬২০
শ্ৰীমন্ত উদ্ধৱ হৰিদাস, তান কৃষ্ণপদে সদা আশ,
কুজীৰ ঘৰত কৃষ্ণৰ দাম নলৈলা।
এতেকে উত্তম সখ্য কৰি, ভজন ৰসক অনুসৰি,
কৃষ্ণৰ পাদুকা শিৰত থাপিয়া ৰৈলা॥৬২১
যুধিষ্ঠিৰ সন্ত সাহত্যত, কৃষ্ণে প্ৰীতি কৰি অবিৰত,
ভীম বীৰ সমে কৃষ্ণত কৰা ভকতি।
ধনঞ্জয় ব্যভিচাৰি ৰসে, কৃষ্ণক কৰিলা সদা বশে,
সখিত্ব সাহত্য যি হেতু কৰিলা ৰতি॥৬২২
স্য ৰসে ৰৈলা সহদেব, কৃষ্ণক কৰিলা সদা সেব,
যাহাৰ বাক্যত কৃষ্ণক সদা পূজিলা।
নকুলো লৈলন্ত তান মত, সদা ভৈলা কৃষ্ণ অনুগত,
কৃষ্ণৰ পূজাত আপুনাকো পাসৰিলা॥৬২৩
কুন্তি ৰৈলা প্ৰেম ৰস পাই, সদা থাকা কৃষ্ণগুণ গাই,
দ্ৰৌপদী সপ্ৰেম স্মৰণ ৰসে ৰহিলা।
যিহেতু স্মৰণমাত্ৰ হৰি, শাকো নভুঞ্জিলা পেটভৰি,
দুৰ্ব্বাসা পলাইলা পাণ্ডবকো নিস্তাৰিলা॥৬২৪
পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৪০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১১৬)