পৃষ্ঠা:ঘোষাৰত্ন.djvu/১৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১০৭)

কৃষ্ণ মূৰ্ত্তি বৈকুণ্ঠত থৈয়া,   নিৰ্ম্মল গৌৰাঙ্গ তনু লৈয়া,
  কৃষ্ণে দামোদৰ নামক আছন্ত ধৰি।
পুনু যশ ৰস পান মনে,   বপ্ৰতনু ধৰি বিদ্যমানে,
  নিজ যশৰাণী শুনিলন্ত স্মৰি স্মৰি॥৫৮৪
আপোনাৰ নিজ নাম শুনি,   বিস্ময়ে থাকন্ত মনে গুনি,
  প্ৰেমৰ ভৰত তনু হোৱে ৰোমাঞ্চিত।
নয়নৰ বহে প্ৰেমবাৰি,   ভক্তে নাম গান্ত শাৰী শাৰী
  হেন সময়ত মূৰ্ত্তি ধৰা বিপৰীত॥৫৮৫
বদন পঙ্কজ প্ৰফুল্লিত,   নাম মকৰন্দে সুগন্ধিত,
  ভকত ভ্ৰমৰে বেঢ়ি বেঢ়ি কৰে পান।
মন্দ হাসে সুধা বৰিষয়,   সংসাৰৰ তাপ কৰে ক্ষয়,
  হেন প্ৰভু বিনা নাহি মোৰ গুৰু আন॥৫৮৬
ৰাতুল অতুল পদ দুই,   সমস্তে নমিয়া সুখী হুই,
  তাৰ ধূলি তুলি শিৰত যিতো লৱয়।
অনাদি জন্মৰ পাপ বঞ্চি,   ভক্তিৰ বাসনা লৈয়া সাঞ্চি
  সিতো পুনুৰপি সংসাৰত নপৰয়॥৫৮৭
মনিকূট পৰ্ব্বতৰ পূৰ্ব্বে,   কৃষ্ণে দামোদৰ বিপ্ৰরূপে,
 কলিত হৈলন্ত সন্তৰূপে অৱতাৰ।
পুৰাণতো ব্যাসে কহি আছে,   কল্কী অৱতাৰ হৈবা পাছে,
 কৃষ্ণৰ ভকতি কৰিবা যিতো বিস্তাৰ॥ ৫৮৮